পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰাম
পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰাম ।
( বুধেন ককা )তেওঁক প্ৰায়েই দেখোঁ । আৰ বেৰ নোহোৱা তামোলৰ দোকান খনেই তেওঁৰ সাৰথি । পৰিয়াল বুলিবলৈ তেওঁৰ পত্নী হে মাথোঁ । বয়স মোৰ অনুমান ৭৮ বছৰ অতিক্ৰম কৰিছে। সদায় মাত্ৰ এটা কুৰ্ট্টা আৰু এখন ধুতি পিন্ধি এ মুকলি ঠাইত থকা তেওঁৰ দোকান খনৰ ভগা চকীখনত বহি থকা দেখা পাওঁ ।
এদিন গধুলি ৭.২২ মিনিটত এফালৰ পৰা আহি তেওঁৰ দোকানৰ ওচৰতে থকা আন এখন দোকানত চাহ খাবলৈ সোমালো । চাহ খাই তামোল এখন খাবলৈ সেই ককা জনৰ দোকানৰ সন্মুখতে থিয় দিলোঁ । তেওঁ মোক দেখি কলে " বোপাই তামোল দিম নে? "
মই উত্তৰ কেৱল '"হয় ককা" বুলি দি তেওঁ লৈ চাই আছিলো ! মানুহজনৰ ইমানেই ঠাণ্ডা লাগিছিল যে তেওঁ তামোলৰ বাকলি গুচাবলৈ কে কটাৰী খনত শক্তি দিব পৰা নাছিল ! চাই থাকোঁতেই মনটো মোৰ বৰ বেয়া লাগিল । চাই থাকোঁতেই কেতিয়াও চকুৰ পানী নোলোৱা মোৰ কঠিন মনটো সেমেকি পৰিল । হঠাৎ মই লৈ যোৱা বেগতোত অলপ খুচৰি চালোঁ । গৰম কাপোৰ বুলিবলৈ জাম্পাৰ দুটা লগত লৈ আহিছিলো । তাৰে এটা উলিয়াই লৈ ককা জনক কলো " তামোল মই নিজে কাটি লম আপুনি অলপ এইফালে আহক কিবা এটা চাওঁ । প্ৰথমে তেওঁ ধৰিবই পৰা নাছিল মই কি কৈছোঁ আৰু কিয় মাতিছোঁ ! পুনৰ কলো " এইফালে আহক ইমান ঠাণ্ডাত এনেকৈ থাকিব নালাগে । চাওঁ এইটো পিন্ধাই দিওঁ !'
তেখেতক জাম্পাৰ তো পিন্ধাই দি দিঙিত লৈ থকা মাউফলা খন খুলি লৈ ভালকৈ কাণ দুখন ধাক খাই থকাকৈ পিন্ধাই দিলোঁ । তেওঁ এইবোৰ লবলৈ মান্তি প্ৰথমবাৰ হোৱা নাছিল কিন্তু খঙত কোৱা কথা এটাই তেওঁক মান্তি কৰিছিল । মই বোলো " আপোনাৰ নাতি বুলি ভাবি লওক । মোৰ ককা আইতা কোনো নাই । সকলো ভগৱানৰ ওচৰত আছে । আপোনাক ককা বুলি এ এইকেইটা দিছোঁ । "
চকুৰ আগত মানুহ কষ্ট পাই মৰিবলৈ এৰি দিব পাৰি জানোঁ ? মই নোৱাৰো কাৰণ মই মানুহ হয়। এজনী ছোৱালী ভাল পোৱাৰ বাবে প্ৰয়োজনীয় প্ৰেম কি মই নাজানোঁ কিন্তু এজন ভাল মানুহ ভাল পাবলৈ প্ৰেম কি মই জানো ।
Comments
Post a Comment