লাচিত বৰফুকন
লাচিত বৰফুকন লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। "দেশতকৈ মোমাই ডাঙৰ নহয়" প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ। সাহসৰ অন্তিম নিদৰ্শন শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পি...
Comments
Post a Comment