Apna Care Korona
Corona এ ৰাজ্যখনৰ ধ্বংস কৰাৰ আগতে আহক সকলোৱে মিলি Corona ক নিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰোঁ।
মোৰ ৰাজ্যৰ সকলো লোকলৈ অনুৰোধ -
Careless নহব !
অসমবাসীৰ স্বাৰ্থপৰতাৰ সুযোগ লৈ Corona ই এতিয়া অসম খনকো গ্ৰাস কৰি লব, যদিহে আমি সাৱধান নহও ।
গতিকে, মোৰ ৰাজ্যৰ সকলো লোকলৈ আকৌ এবাৰ বিনম্ৰ অনুৰুধ, ঘৰতে থাকক আৰু সুৰক্ষিত থাকক ।
খালি চকুৰে দেখা নোপোৱা Corona ক লৈ ধেমালি নকৰিব।
সংক্ৰমণ হোৱাৰ পিছত আমাৰ ৰাজ্যখনৰ অৱস্থা কি হব এবাৰ ভাবি চাওক।
অসমত এতিয়ালৈকে একো নাই হোৱা বুলি ৰাস্তাই , পদূলিয়ে ঘুৰি ফুৰি নিজৰ লগতে আন ১০০ জনক বিপদত নেপেলাব।।
নিজ আৰু নিজৰ পৰিয়ালৰ স্বাৰ্থত ঘৰতে থাকক আৰু সুৰক্ষিত থাকক ।
এতিয়া ঘৰতেই নিজৰ পৰিয়ালৰ লগত এক মধুৰ সময় কটাবলৈ চেষ্টা কৰক।
ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখক।
হ'ম এন্ড হেন্ড সদায় চেনিটাইজ কৰি ৰাখক।
জন সমাগমৰ পৰা দূৰত্ব বজাই ৰাখক।
বজাৰ কৰিবলৈ ঘৰৰ পৰা যিকোনো এজন যাওক।
ঘৰলৈ আহি কাপোৰ চাৰ্ফ যুক্ত পানীত দুবাই দিয়ক।
বজাৰৰ বেগ তথা বস্তু সমূহ পাৰিলে বাহিৰতে Disinfect কৰি লওক।
চাবোন পানীৰে হাত , ভৰি ভালকৈ ধোৱক।
পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।
মাদক দ্ৰব্যৰ পৰা দূৰত্ব বজাই ৰাখক।
ঘৰৰ ভিতৰখন সদায় দেটলযুক্ত পানীৰে মচিবলৈ চেষ্টা কৰক।
নিজকে নিজেই সুৰক্ষিত কৰি ৰাখক আৰু আনকো সুৰক্ষিত কৰি ৰাখক।
যদি চকুৰ আগত মৃতদেহৰ দ'ম দেখিবলৈ ম'ন নাই তেন্তে সতৰ্ক হওঁক আৰু সজাগ হওঁক।
অন্যথা মৃতদেহ তেনেই সহজলভ্য হৈ পৰিব ।
অসমৰ দায়িত্বশীল নাগৰিক সকলোলৈ আশা কৰোঁ যে কথাখিনিৰ মূল্য ৰাখি নিজে পঢ়াৰ লগতে আনকো Share কৰিব।
Comments
Post a Comment