ৰঙালী বিহুৰ শুভেচ্ছাৰে
আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিলৈ
অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ । অসমীয়াৰ বাপতিসাহোন এই উৎসৱটি তাহানিৰে পৰাই অসমীয়া জাতিৰ হাড়ে হাড়ে, সিৰাই সিৰাই শিপাই আছে৷ কুলিৰ মাতত বসন্ত আহে৷ সেউজীয়া কোমল কুঁহিপাতে
বহাগৰ আগজাননী দিয়ে৷ কপৌফুল থোকে পখিলা উৰাদি উৰা নাচনীৰ খোঁপাত জুতিবলৈ হিয়ালি জিয়ালিকৈ সাজু হয়৷ সকলোৰে মনত ৰঙালীৰ উলাহে
নধৰা হয়৷ অসমীয়াৰ আদৰৰ,
অসমীয়া জাতিৰ চিনাকি
তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহুটিয়েই হ’ল প্ৰতিজন অসমীয়াৰেই
প্ৰাণস্বৰূপ৷ ৰঙালী বিহুটি যেন আমাৰ বৰ আপোন,
বৰ মৰমৰ৷ কঙালী আৰু ভোগালী বিহুৰ
লোকাচাৰ সমূহখেতি-বাতিৰ সৈতে বেছি জড়িত থকাৰ বিপৰীতে ৰঙালী বিহুটিৰ লোকাচাৰ সমূহ
নতুন সৃষ্টিৰ বাবে, প্ৰকৃতিৰ নিয়ম মানি
মিলনোন্মুখ জীৱৰ হেতু পালন কৰা হয়৷ সমাজৰ বাবে প্ৰজন্ম আৰু প্ৰজন্মৰ বাবে শস্যৰ কৰ্ষণ, এই সময়চোৱাতেই এই দুয়োকুল জীৱৰেই অংকুৰণৰ যো-জা কৰা হয়৷ "বসন্ত কাল মানেই
ফুল ফুলা বতৰ । ফাগুনৰ পছোৱাই আঁচলত বান্ধি আনে বসন্তৰ বতৰা । পলাশ,মদাৰৰ ৰঙীন আভাহে ৰঙীন কৰি তোলা মনবোৰক নাহৰ,তগৰৰ সুবাসে মতলীয়া কৰি তোলে । বসন্তৰ বৰণীয়া ফুলাম প্ৰকৃতিয়ে নিঃশব্দে
কৈ যায় কৃষিজীৱী অসমীয়াক ব'হাগ অহাৰ বাতৰি
। "ফুলিলে নাহৰ
ফুল ফুলিলে তগৰ ফুল,
ঐ ফুলিলে কেতেকীৰ পাহি ।এইবাৰ ব'হাগৰ বিহুটি আহিছে,
ঐ মুখত লৈ মিচিকি হাঁহি
" পিছে এইবাৰ নাই ব'হাগীৰ মুখত হাঁহি ! নাই অসমীয়াৰ মনত হাঁহি, উদাস ! কুলি কেতেকীজনীয়েও
কান্দি কান্দি ভাগৰি পৰিছে শুনিবলৈ নাই ঢোল পেপাঁৰ মাত । আপুনি ছাগে জানেই আজি এই হেঁপাহৰ বিহুটিত কিয় ৰং নাই আমাৰ মনত ।মহামাৰী ক'ৰনাই যি ৰূপধাৰন কৰি পৃথিৱীৰ
মানৱ জীৱনলৈ ভয়াবহতা কঢ়িয়াই আনিছে ! জীয়াই থকাক লৈ সকলোৱে মনত প্ৰশ্ন উঠিছে ! আশা কৰো
সকলো কুশলে আছে আৰু কুশলে থাকক । ভগৱানে সকলোকে মংগল কৰক । কুশলে থাকিলে
আকৌ আৰম্ভ কৰিম সকলোৱে জীৱনৰ উংসৱ সেই আৰু আকৌ প্ৰেম প্ৰতিশ্ৰুতিৰ দিনবোৰ" ।সকলো ঘৰতে থাকক সুৰক্ষিত হৈ থাককঅসমবাসীক মোৰ আকৌ এবাৰ
অনুৰুধ যে ঘৰতে থাকক, কুশলে থাকিলে নিশ্চয় সকলোৱে আকৌ এবাৰ পুনৰ জীৱনৰ উংসৱসমূহ আৰম্ভ
কৰিম প্ৰেম আৰু ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ।
x
x
Comments
Post a Comment