...আন্দোলনৰ আৰু এক ৰোপ...

                       ...আন্দোলনৰ আৰু এক ৰোপ...


আমি  যেনেকৈ আন্দোলন কৰিবলৈ হাজাৰ হাজাৰ ৰাইজ ওলাই আহে ! যেনেকৈ ভোকে পিয়াহে আন্দোলন কৰে ঠিক তেনেকৈ আমাৰ অসমৰ বাবে একো একোটা গোট হৈ ব্যৱসায় কৰিবলৈ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিবনে? হাজাৰ হাজাৰ ডেকা সকলে বিভিন্ন শস্যৰ খেতি কৰি অসমত নাটনি হোৱা শস্যৰ লগতে পাচলি  যোগান ধৰিব পাৰিবনে ?  পশু পালন, মীন পালন , হাঁহ - কুকুৰা ফাৰ্মৰ দ্বাৰা অসমত হোৱা  মাছ , মাংসৰ নাটনি নাইকীয়া কৰিব পাৰিব নে?
     নোৱাৰো বিশেষকৈ আমি নোৱাৰো । অসমত কেৱল ধৰ্ণা , প্ৰতিবাদ লগতে চাকৰি মুখি মনটোৰ বাবে কিমান সময় নষ্ট কৰা হয় ভাবি চাবলৈ আহৰি আছে জানো ? চাকৰি এটা পাম বুলি গোটেই জীৱন বহি বহি কটাই দিয়াটো উচিত নে?  নে নিজেই কিবা এটা কৰি খোৱাৰ লগত আন দহ জনক খোৱাৰ পথ মুকলি কৰাটো উচিত ? মাটি ভেটি বিক্ৰী কৰি এটা চাকৰি লবলৈ প্ৰায় ৯০ শতাংশ এ প্ৰস্তুত কিন্তু হাজাৰ টকাৰে এটা ব্যৱসায় কৰিবলৈ অসমীয়া ডেকা কেৱল আঙুলিৰ মূৰত লিখিব পৰাকৈ হে ওলাব । ৰাজ্যৰ উন্নতি তেতিয়া হে হব যেতিয়া আমি নিজৰ ভৰিত নিজে থিয় দিব পাৰিম ! যেতিয়া নিজৰ প্ৰয়োজনীয়তা আমি নিজেই পূৰণ কৰিব পাৰিম । আজিকালি আকৌ চাকৰি নকৰিলে বিয়া বাৰু বাবেও কোনো প্ৰস্তুত নহয় । গতিকে চাকৰি বাবে লাখ টকা দিয়াটো ঠিকেই আছে ! নে কি কয়!

Comments

Popular posts from this blog

লাচিত বৰফুকন

তুমকো য়াদ ৰখেংগে গুৰু হম

ৰঙালী বিহুৰ শুভেচ্ছাৰে