‘তুমকো য়াদ ৰখেংগে গুৰু হম’- বলিষ্ঠ অভিনেতা ইৰফান খানৰ জীৱনৰ বহু নজনা কথা অৱসান ঘটিল বলীউদৰ এক বৰ্ণিল অধ্যায়। যিজন অভিনেতাই কথা ক’লেই সংলাপৰ ৰূপ লৈছিল, সকলো ধৰণৰ চৰিত্ৰৰ বাবে সম্পূৰ্ণ ফিট, অভিনেতা ইৰফান খানৰ মৃত্যু কেৱল বলীউদৰ বাবেই ক্ষতি নহয়, বৰঞ্চ ৱৰ্ল্ড চিনেমাই হেৰুৱালে এজন চিৰ সেউজ অভিনেতা। ১৯৬৭ চনৰ ১৭ জানুৱাৰী তাৰিখে জয়পুৰত জন্মগ্ৰহণ কৰিছিল অভিনেতা ইৰফান খানে। ইৰফান খানৰ সম্পূৰ্ণ নাম আছিল চাহাবজাদে ইৰফান আলী খান। বলীউদৰ অভিষেক ১৯৮৮ চনত চালাম বম্বে ছবিৰ জৰিয়তে বলীউদত অভিষেক ঘটিছিল ইৰফান খানৰ। পৰৱৰ্তী সময়ত মকবুল, দ্যা লাঞ্চবক্স, লাইফ অৱ পাই, ব্লেকমেইল, ইনফেৰ্ণো,পিকো, হিন্দী মেডিয়াম আদি বহু ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা ইৰফান খানে। শেহতীয়াকৈ ২০২০ বৰ্ষত অংগ্ৰেজী মেডিয়াম ছবিত অভিনয় কৰিছিল অভিনেতাজনে। শৰীৰেও কথা কৈছিল ইৰফান খানৰ - ইৰফান খানৰ অভিনয় আছিল সদায় ব্যতিক্ৰম। মুখৰ সংলাপৰ লগতে অভিনেতাজনৰ শাৰীৰিক ভাব-ভংগিমাইয়ো আপ্লুত কৰিছিল শত-সহস্ৰজনক। ইৰফান খানৰ বিষয়ে নজনা কেইটামান কথা- অভিনেতা নহয়, এজন ক্ৰিকেটাৰ হোৱাৰহে মন আছিল ইৰফান খানৰ। ১৯৮৮ চনত NSDত পঢ়ি থকাৰ...
Comments
Post a Comment